1 ULB তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা। BSB BSB: Sing to the LORD a new song; sing to the LORD, all the earth.
2 ULB যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা। BSB BSB: Sing to the LORD, bless His name; proclaim His salvation day after day.
3 ULB বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম্ম ঘোষণা কৰা। BSB BSB: Declare His glory among the nations, His wonders among all peoples.
4 ULB কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক। BSB BSB: For great is the LORD, and greatly to be praised; He is to be feared above all gods.
5 ULB কিয়নো সকলো জাতিৰ দেৱতাসকল অসাৰ মাত্র, কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা। BSB BSB: For all the gods of the nations are idols, but it is the LORD who made the heavens.
6 ULB মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে; পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰস্থানত বিদ্যমান। BSB BSB: Splendor and majesty are before Him; strength and beauty fill His sanctuary.
7 ULB হে জাতিবোৰৰ জনগোষ্ঠীসমূহ, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা। BSB BSB: Ascribe to the LORD, O families of the nations, ascribe to the LORD glory and strength.
8 ULB তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা, নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ। BSB BSB: Ascribe to the LORD the glory due His name; bring an offering and enter His courts.
9 ULB যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা; হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা। BSB BSB: Worship the LORD in the splendor of His holiness; tremble before Him, all the earth.
10 ULB বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা! জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।” BSB BSB: Declare among the nations: “The LORD reigns!” The world is firmly established; it cannot be moved; He will judge the peoples with equity.
11 ULB আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক। BSB BSB: Let the heavens be glad and the earth rejoice; let the sea resound, and all that fills it.
12 ULB পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক; তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব। BSB BSB: Let the fields exult, and all that is in them. Then all the trees of the forest will sing for joy
13 ULB যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতিসমূহৰ বিচাৰ কৰিব। BSB BSB: before the LORD, for He is coming—He is coming to judge the earth. He will judge the world in righteousness and the peoples in His faithfulness.
Select verses for actions: Enter goes to them and Escape comes back.